• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবত ডঃ প্ৰাণেশ্বৰ নাথৰ গ্ৰন্থ ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি’ উন্মোচন বিশিষ্ট কন্ঠশিল্পী ডঃ সংগীতা কাকতিৰ

ByNaba Barta

Oct 16, 2025
Spread the love


গ্ৰন্থখনত জুবিনৰ প্ৰাণ আছে – ডঃ সংগীতা কাকতি

অসমীয়া পৃথিৱীৰ ভিতৰতে কৃতজ্ঞ জাতি ঃ বীৰেন সিংহ

নৱবার্তা গুৱাহাটী, : বিশিষ্ট লেখক তথা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ প্ৰাণেশ্বৰ নাথৰ ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি’গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয়। গুৱাহাটীৰ এম এল পাব্লিকেচনে প্ৰকাশ কৰা গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কন্ঠশিল্পী ডঃ সংগীতা কাকতিয়ে। বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সুশান্ত কাশ্যপে সঞ্চালনা কৰা এই সভাত মায়াবিনী ৰাতিৰ বুকুত গীতৰে আৰম্ভ কৰা উন্মোচকৰ ভাষণত ডঃ সংগীতা কাকতিয়ে এই গ্ৰন্থখনৰ মাজত জুবিন গাৰ্গক বিচাৰি পোৱা বুলি উল্লেখ কৰে। ইয়াত জুবিন গাৰ্গৰ প্ৰাণ আছে। জুবিন সম্পৰ্কীয় বহু সমল ইয়াত সন্নিৱিষ্ট হোৱাৰ কথা উল্লেখ কৰি জুবিন গাৰ্গৰ শিশুসুলভ চৰিত্ৰৰ কথা দোহাৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰি একেলগে কাম কৰা সময়ত অতি কম সময়ৰ ভিতৰতে জুবিনে কিদৰে কন্ঠদান কৰিছে সেই অভিজ্ঞতাও বৰ্ণনা কৰে ডঃ কাকতিয়ে। এই উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ। ভাষণ প্ৰসংগত সিংহই জুবিন গাৰ্গ স্মৰণ কৰাৰ লগতে গ্ৰন্থখনৰ লেখক প্ৰাণেশ্বৰ নাথে অশেষ কষ্ট স্বীকাৰ কৰি এই গ্ৰন্থখনৰ কাম কৰা বুলি কয়। নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি উল্লেখ কৰি বিশিষ্ট ভাস্কৰ্য শিল্পী সিংহই লোক সংগীতৰ প্ৰতি বিশেষ দুৰ্বলতা থকাৰ প্ৰকাশ কৰি জুবিন গাৰ্গৰ লোক সংগীত পৰিবেশনে তেওঁক কিদৰে মুগ্ধ কৰি তুলিছিল তাৰো অভিজ্ঞতা দাঙি ধৰে। জুবিনৰ বিহুগীত শুনাৰ পিছত তেওঁ আনৰ বিহুগীত শুনা বাদেই দিছিল বুলিও মন্তব্য কৰে। অসমীয়া যে পৃথিৱীৰ ভিতৰতে কৃতজ্ঞ জাতি সেই কথা জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰমাণিত হোৱা বুলিও সিংহই মন্তব্য কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখি ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন ডেকাই জীৱিত কালত জুবিন গাৰ্গৰ সৃষ্টি ৰাজিৰ যি ধৰণে বৌদ্ধিক মূল্যায়ন হ’ব লাগিছিল সেয়া নোহোৱাত আক্ষেপ প্ৰকাশ কৰে। এই ক্ষেত্ৰত ডঃ প্ৰাণেশ্বৰ নাথে ২০১৮ চনতে জুবিন গাৰ্গৰ বৌদ্ধিক মূল্যায়ন কৰাটো সঁচাকৈয়ে ইতিবাচক কথা বুলিও ডঃ ডেকাই প্ৰকাশ কৰি গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণে অসমৰ পাঠক-গৱেষক সকলোকে উপকৃত কৰিব বুলিও আশা কৰে। সভাত ভাষণ ৰাখি গ্ৰন্থখনৰ লেখক ডঃ প্ৰাণেশ্বৰ নাথে ২০১৭ চনত তেওঁ কৰ্মৰত মহাবিদ্যালয়খনত জুবিন গাৰ্গক লগ পাই গ্ৰন্থ প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ কথা অৱগত কৰাত প্ৰাণৰ শিল্পীগৰাকীয়ে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰাৰ কথা দোহাৰে।তাৰ পিছতে তেওঁ দুগুণ উৎসাহেৰে গ্ৰন্থখনৰ কামত অগ্ৰসৰ হয় বুলি উল্লেখ কৰি এই ক্ষেত্ৰত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আগবঢ়োৱা সহযোগিতাকো আন্তৰিকতাৰে শলাগ লয়। সভাৰ সঞ্চালক ডঃ সুশান্ত কাশ্যপে ভাষণ প্ৰসংগত জুবিন গাৰ্গৰ জীৱন আৰু কৃতিৰ বিষয়ে তথ্য সমৃদ্ধ বিশ্লেষণ আগবঢ়ায় প্ৰাণৰ শিল্পীগৰাকীৰ উদাৰতাৰো উদাহৰণ দাঙি ধৰে। তেওঁ ভাষণ প্ৰসংগত জুবিন গাৰ্গে এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণটো যথেষ্ট ভাল পাইছিল বুলি উল্লেখ কৰি এই গ্ৰন্থ উন্মোচনৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচৰা বুলিও সদৰি কৰে। এম এল পাব্লিকেচনৰ স্বত্বাধিকাৰী নৱ কুমাৰ শৰ্মাও উপস্থিত থকা এই সভাত বি বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ ডঃ অঞ্জনা ভট্টাচাৰ্য্যয়ো ভাষণ ৰাখি প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি আবেগিক ভাষণ ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *