• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতহায়দৰাবাদৰ যশোদা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰৰসংবাদ মেল

ByNaba Barta

Aug 6, 2025
oplus_0
Spread the love

এণ্ড’স্ক’পিক অস্ত্ৰোপচাৰত এনাস্থেচিয়াৰ প্ৰয়োজন নহয় আৰু অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ সৈতে কথা পাতিব পাৰে-ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰ

নৱবাৰ্তা গুৱাহাটী:: গুৱাহাটীৰ আল্ট্ৰাকেয়াৰ ডায়েগনষ্টিক চেণ্টাৰত প্ৰতিমাহে প্ৰথম মঙলবাৰ আৰু বুধবাৰে চিকিৎসা সেৱা আগবঢ়াই আহিছে ডাঃ বালা ৰাজশেখৰ চন্দ্ৰই। হায়দৰাবাদৰ যশোদা হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা নিউৰ’ আৰু স্পাইন চাৰ্জন ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰই বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন
সংবাদ মেলত এইকথা সদৰী কৰে। বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে লগতে কয় যে-মই এতিয়ালৈ ৭৫০০ৰো অধিক অস্ত্ৰোপচাৰ কৰিছো।
ভাৰতৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান পিজিআই চণ্ডিগড়ৰ পৰা মই নিউৰ’চাৰ্জাৰী কৰিছিলো। এই ক্ষেত্ৰত মোৰ ১৫ বছৰৰ অভিজ্ঞতা আছে। মই মূলত এণ্ড’স্কপিক স্পাইন চাৰ্জাৰী য’ত ১০০০ৰো অধিক এণ্ড’স্কপিক স্পাইন চাৰ্জাৰী কৰিছো। মোৰ এণ্ড’স্ক’পিক অস্ত্ৰোপচাৰত এনাস্থেচিয়াৰ প্ৰয়োজন নহয় আৰু অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ সৈতে কথা পাতিব পাৰে। মই বহু যুৱ স্নায়ুচাৰ্জনক বিভিন্ন কৌশল শিকাই আহিছো। মই এণ্ড’স্কপিক মগজুৰ অস্ত্ৰোপচাৰ আৰু এৱেক ক্ৰেনিঅ’টমীতো বিশেষজ্ঞ য’ত ৰোগীয়ে সজাগ হৈ কথা পাতি থকাৰ সময়ত মগজুৰ কৰা অস্ত্ৰোপচাৰ কৰা হয়। মই বহু মৃগীৰোগ অস্ত্ৰোপচাৰো কৰিছিলো য’ত চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা অবাধ্য আক্ৰমণ হোৱা ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হয়। মই মগজুৰ টিউমাৰ, মগজু আৰু মেৰুদণ্ডৰ আঘাতৰ অস্ত্ৰোপচাৰত বিশেষজ্ঞ।’ উল্লেখ‍্য, তেওঁ ৭৫০০ৰো অধিক অস্ত্ৰোপচাৰ কৰিছে। তেওঁ অধ্যাপক হিচাপে বহু সন্মিলনত অংশগ্ৰহণ কৰি বহু লোকক প্ৰশিক্ষণ দিছে। আন দেশৰ পৰা বহু লোক এ ণ্ড’স্কপিক অস্ত্ৰোপচাৰৰ বাবে তেওঁৰ পৰামৰ্শ লবলৈ আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *