• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতনতুন ছবি ৰুদ্ৰকালীৰ শীৰ্ষ গীত মুকলি

ByNaba Barta

Oct 15, 2025
Oplus_131072
Spread the love

‘নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে নতুন ছবি ৰুদ্ৰকালীৰ শীৰ্ষ গীত ‘ৰুদ্রকালী’
মুকলি কৰা হয়।জনপ্ৰিয় সংগীত শিল্পী‌ তৰুণ তন্ময়ৰ সংগীত পৰিচালনা কৰা ছবিখনৰ শীর্ষগীতটিত কন্ঠদান‌ কৰিছে বাস্তব নাথ আৰু গীতালি দেৱীয়ে। গীতটি মুকলি কৰে বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়া, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ ডেকা, বিশিষ্ট বাদ্যশিল্পী ভদ্ৰকান্ত দাস আৰু প্ৰযোজক পবিত্ৰ কেওটে। এই গীতটোৰ লগতে ছবিখন সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। ত্ৰিশক্তি এন্টৰটেইনমেন্ট প্ৰদাকচন হাউছ নিবেদিত
কুমাৰ প্ৰাঞ্জলৰ পৰিচালনাৰে পবিত্র কেওঁটৰ প্ৰযোজনাত ধন জ্যোতি মালীৰ কাহিনীৰে নাৰী শক্তিক জাগ্ৰত কৰাৰ প্ৰচেষ্টাত সুচাৰুৰূপে নির্মাণ হৈছে অসমীয়া কথাছবি ‘ৰুদ্রকালী’।ছবিখনত সংগীত পৰিচালনা কৰিছে বাস্তৱ নাথ আৰু তৰুণ তন্ময় যে।’ৰুদ্ৰকালী’ শীর্ষক
গীতটো সুন্দৰকৈ লিখি উলিয়াইছে প্রবাল ময় শৰ্মা আৰু বাস্তৱ নাথে। অনুষ্ঠানত
কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *