• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতগৱেষণামূলক গ্ৰন্থ ‘দা ৰাভাছ-এ ছ’চিয়েল-কালচাৰেল ষ্টাডি’ উন্মোচন

ByNaba Barta

Aug 4, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে
অসমৰ ৰাভা জনজাতিৰ সমাজ আৰু সংস্কৃতিৰ সবিশেষ সমৃদ্ধ এখন গরেষণা মূলক গ্ৰন্থ’ ‘দা ৰাভাছ-এ ছ’চিয়েল-কালচাৰেল ষ্টাডি’ উন্মোচন কৰা হয়। বিশিষ্ট লেখক, সাহিত্যিক, গৱেষক, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হীৰেন্দ্ৰ কুমাৰ গোস্বামীৰ গ্ৰন্থখন উন্মোচন কৰি নৃত্যাচার্য, পদ্মবিভূষণ যতীন গোস্বামীয়ে কয়-ড০ হীৰেন্দ্ৰ কুমাৰ গোস্বামীয়ে যথেষ্ট গৱেষণা কৰি এখন সুন্দৰ গ্ৰন্থ আমাক উপহাৰ হিচাপে দিলে। এই গ্ৰন্থখনে সাহিত্যৰ ভঁৰাল চহকী কৰিব। এনেকুৱা গ্ৰন্থৰ অসমীয়া ৰূপান্তৰ কৰিব লাগে।
ইংৰাজী ভাষাত লিখা গ্ৰন্থখন
প্ৰকাশক মুকুল ৰাভাই অসমীয়া ভাষাত অনুবাদ কৰি পাঠক সমাজক উপকৃত কৰিব বুলি আশা কৰিলোঁ।’
সভাত সংস্কৃতিৰ সঞ্চালকালৰ সঞ্চালক
ৰাহুল দাসে বন্তি প্ৰজ্বলন কৰি কয়- আমাৰ এনেধৰণৰ কাৰ্যত সহায় সহযোগিতা থাকিব। লেখকে গ্ৰন্থখন বৰ সুন্দৰকৈ লিখিছে। সকলোৱে নিশ্ঢয়কৈ এই গ্ৰন্থখনৰ জৰিয়তে উপকৃত হ’ব পাৰিব।’ সভাত লেখকৰ সহধৰ্মীনি ড০ ৰাধিকা দেৱীয়ে কয়- ৰাভাসকল অসমৰ এটা সৰ্ব বহৎ অংগ। ৰাভাসকল বৰ অমায়িক জনগোষ্ঠী।ৰাইজে গ্ৰন্থখনৰ জৰিয়তে বহু পৰিমাণে উপকৃত হ’ব পাৰিব বুলি আশা কৰিলো।’
সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ড০
ছয়নিকা দেৱীয়ে শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়।
গ্ৰন্থখনৰ
প্ৰকাশক তথা সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক মুকুল ৰাভাই গ্ৰন্থখন প্ৰকাশৰ আৰৰ কথা বহলাই কয়। সভাত ৰাভা লোক গীতৰ বাঁহী বাদনেৰে পৰিবেশন কৰে মঞ্জৰী প্ৰভাশিনী ৰাভাই। অংগনা খাটিনিয়াৰে সভাখন আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। সভাত বহু সংখ্যক শিক্ষাবিদ, সাহিত্যিকৰ লগতে গণ‍্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *