• Thu. Oct 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী তাৰকাগৃহত জ্যোতিৰ্বিজ্ঞানী দিৱস

ByNaba Barta

Sep 26, 2025
Spread the love

‘নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী তাৰকাগৃহত শনিবৰে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞানী দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে কাইলৈ দিনৰ ২ .৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাইজৰ উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ড০ কুমুদ চন্দ্ৰ ভট্টাচাৰ্যই ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বিষয়ে বক্তৃতা প্ৰদান কৰিব। তদুপৰি অংশগ্ৰহণকাৰীসকলক বিনামূলীয়াকৈ তৰকাগৃহৰ দৰ্শনী দেখুওবা হ’ব আৰু বিয়লি ভাগত সৌৰকলংক আৰু সন্ধিয়ালৈ টেলিস্কোপেৰে চন্দ্ৰৰ পৃষ্ঠৰ গহ্বৰ আৰু শনিগ্ৰহৰ মোহনীয় আঙুঠি দৰ্শন কৰিব পাৰিব বুলি গুৱাহাটী তাৰকা গৃহৰ জ্যোতিৰ্বিজ্ঞানী বাবুল চন্দ্ৰ বৰাই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *