• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীৰ স্বাস্থ্যসেৱা খণ্ডত নতুন অধ্যায়ৰ সূচনা পিয়াৰলেছ হাস্পতালৰপিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ উদ্বোধন অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ByNaba Barta

Jul 21, 2025
Spread the love


নৱবার্তা গুৱাহাটী– পূব ভাৰতৰ চিকিৎসাৰ নিৰ্ভৰযোগ্যতা আৰু মানৱীয় যত্নৰ ক্ষেত্ৰত বিশ্বাসযোগ্য নাম হিচাপে পৰিগণিত প্ৰখ্যাত স্বাস্থ্যসেৱা প্ৰতিষ্ঠান পিয়াৰলেছ হাস্পতালে গুৱাহাটী মহানগৰীত মুকলি কৰিছে তেওঁলোকৰ নতুন ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়- পিয়াৰলেছ হাস্পতাল, গুৱাহাটী।গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ ধাৰণাক ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক বিশেষ অনুষ্ঠানত আজি এই নতুন চিকিৎসালয়খন মুকলি কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, উন্নত প্ৰযুক্তি, সংহত চিকিৎসা সুবিধা, আৰু সহানুভূতিশীল যত্নক গুৱাহাটী, অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰলৈ অনাৰ লক্ষ্যৰে গুৱাহাটীত স্থাপন কৰা হৈছে এই নতুন চিকিৎসালয়খন।এই উদ্বোধনী অনুষ্ঠানৰ লগে লগে গুৱাহাটী মহানগৰীত এক বৰ্ণিল যাত্ৰা আৰম্ভ কৰে ৩O বছৰতকৈও অধিক বিশ্বাসযোগ্য চিকিৎসা আৰু সেৱাৰ অভিজ্ঞতাৰে পৰিপুষ্ট সুপৰিচিত চিকিৎসা প্ৰতিষ্ঠান পিয়াৰলেছ হাস্পতালে।
ৰাজহুৱা আৰু ব্যক্তিগত স্বাস্থ্য আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি ঘটিলেও উত্তৰ-পূব ভাৰতৰ বিস্তৃত অঞ্চল এতিয়াও উচ্চ চিকিৎসা সেৱাৰ সঠিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে। বিশেষকৈ সময়মতে ৰোগ ধৰা পেলোৱা আৰু ছুপাৰস্পেচিয়েলিটি চিকিৎসা সহজে উপলব্ধ নহয়। এনে কাৰণতে প্ৰতি বছৰে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, উত্তৰ বংগ আনকি বাংলাদেশৰ পৰাও হাজাৰ হাজাৰ ৰোগীয়ে উন্নত মানৰ চিকিৎসাৰ বাবে মেট্ৰ’ চহৰলৈ যাবলৈ বাধ্য হয়। মূলতঃ হৃদৰোগ, স্নায়ুজনিত ৰোগ, অংক’লজিকেল, ৰেনাল আৰু দুৰ্ঘটনাজনিত চিকিৎসাৰ বাবে এই অঞ্চলৰ বহু লোকে দীঘলীয়া যাত্ৰা কৰিবলগীয়া হয়।
এনে পৰিপ্ৰেক্ষিততে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণৰ বাবে মুকলি কৰা হৈছে পিয়াৰলেছ হাস্পতাল, গুৱাহাটী। এই আধুনিক চিকিৎসা কেন্দ্ৰৰ লক্ষ্য হৈছে চিকিৎসাৰ বাবে দূৰৈৰ চহৰলৈ যোৱাৰ শাৰীৰিক আৰু আৰ্থিক কষ্ট লাঘৱ কৰি গুণগত স্বাস্থ্যসেৱাক অসম তথা চুবুৰীয়া ৰাজ্যৰ জনসাধাৰণৰ ওচৰলৈ অনা। উন্নত আন্তঃগাঁথনি, অভিজ্ঞ চিকিৎসকৰ দল আৰু স্বাস্থ্যসেৱা কৰ্মী তথা মানৱীয় সেৱাৰ সংমিশ্ৰণেৰে এই চিকিৎসালয়খনে এতিয়া সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্যসেৱা খণ্ডত এক নতুন অধ্যায় লিখিবলৈ সাজু হৈছে।
পিয়াৰলেছ জেনেৰেল ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক তথা পিয়াৰলেছ হাস্পতাল গ্ৰুপৰ প্ৰমোটাৰ জয়ন্ত ৰয়ে কয়, “অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলৰ সৰ্বোত্তম শুশ্ৰূষাৰ অৰ্থে পিয়াৰলেছে আৰম্ভ কৰা নৈতিক যাত্ৰাই আজি ৩০ বছৰত ভৰি দিলে। এই বিশেষ ক্ষণটি আমাৰ বাবে সঁচা অৰ্থত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব। ১০০ খন বিচনাৰে আৰম্ভ হোৱাৰ পৰা ২০২৬ চন পৰ্যন্ত ৩০০ খন বিচনাযুক্ত পৰিসৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰালৈকে, এই বিস্তৃত সময়ছোৱাত পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে কাৰ্ডিঅ’লজি, নিউৰ’লজি, অৰ্থোপেডিক্স আৰু ক্ৰিটিকেল কেয়াৰৰ দৰে বিশিষ্ট সেৱাসমূহ ৰোগীসকলৰ অৰ্থে সফলতাৰে আগবঢ়াই দিবলৈ সক্ষম হৈছে।”তেওঁ লগতে কয়, “মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমে এক ৰাষ্ট্ৰীয় আৰ্হি ৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে, আৰু এই মহান যাত্ৰাৰ অংশ হ’বলৈ পাই আমি গৌৰৱান্বিত। নিজস্বতা, বিশ্বাস আৰু উৎকৃষ্টতাৰ সুদৃঢ় ভেঁটিত গঢ় লৈ উঠিছে পিয়াৰলেছ। এই পদক্ষেপৰ সৈতে, আমি সেৱা, উৎকৰ্ষ আৰু সহযোগিতামূলক বিকাশৰ ক্ষেত্ৰত প্ৰদান কৰি অহা প্ৰতিশ্ৰুতিক পুনৰ স্মৰণ কৰিছোঁ।”গুৱাহাটীৰ আই এছ বি টিৰ সমীপৰ আহোমগাঁৱত নিৰ্মিত ২৫০খন বিছনাযুক্ত পিয়াৰলেছ হাস্পতালত আধুনিক আন্তঃগাঁথনি, অভিজ্ঞ চিকিৎসকৰ দল, উন্নত নিদানৰ সুবিধা আছে। এই চিকিৎসালয়খন এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ৰোগীয়ে সহজে আৰু সুলভ মূল্যত সকলো প্ৰয়োজনীয় চিকিৎসা সেৱা একেটা স্থানতে লাভ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *