নৱবার্তা গুৱাহাটী : গুৱাহাটী চহৰে স্বচ্ছ সৰ্বেক্ষণ ২০২৪ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ “প্ৰমিচিং স্বচ্ছ চহৰ’
(Promising Swachh Shehar Award)” লাভ কৰিবলৈ সমৰ্থ হৈছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ শাখাত প্ৰদান কৰা এই সন্মানৰ ক্ষেত্ৰত গুৱাহাটীয়ে ৪৪সংখ্যক ৰাষ্ট্ৰীয় দখল কৰিছে।এইবাৰ গুৱাহাটীয়ে ODF+ (Open Defecation Free Plus) আৰু Garbage Free City (GFC) One Star প্ৰমাণপত্ৰও লাভ কৰিছে। এয়াও চহৰখনৰ স্বচ্ছতাৰ যাত্ৰাত আন এক সফলতা। বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ সৰ্বেক্ষণ ২০২৪ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকি গুৱাহাটী মহানগৰলৈ আগবঢ়োৱা বঁটাসমূহ গ্ৰহণ কৰে। শৰণীয়াই উল্লেখ কৰে যে, “এই সকলো সন্মান গুৱাহাটীবাসীৰ সু-সংগঠিত পৰিশ্ৰম, প্ৰতিশ্ৰুতি আৰু সমাজিক সচেতনাৰেই এক প্ৰতিফলন।”
ODF+ আৰু Garbage Free City 1-Star ৰ প্ৰমাণপত্ৰই চহৰখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু সজাগতাৰ সুদীৰ্ঘ প্ৰচেষ্টাক এক মান্যতা প্ৰদান কৰিলে। শৰণীয়াই গুৱাহাটীৰ প্ৰতিগৰাকী নাগৰিকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “গুৱাহাটীবাসীৰ সক্ৰিয় অংশগ্ৰহণ আৰু পৰামৰ্শই হৈছে এই সাফল্যৰ মূল চাবিকাঠি। মই ভাৰত চৰকাৰ আৰু গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়লৈয়ো বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিয়ে স্বচ্ছ ভাৰত অভিযানৰ অধীনত অসম আৰু গুৱাহাটী চহৰৰ প্ৰগতিক এক স্বীকৃতি প্ৰদান কৰিছে।”এই বঁটা কেৱল এক সন্মানেই নহয়, এয়া হ’ল ভৱিষ্যতেও এখন স্বচ্ছ, সেউজ, আৰু অন্তৰ্ভূক্তিমুলক গুৱাহাটী চহৰ গঢ়ি তোলাৰ এক অনুপ্ৰেৰণা বুলি কয় মেয়ৰ শৰণীয়াই।
গুৱাহাটীয়ে লাভ কৰিলে ‘স্বচ্ছ সৰ্বেক্ষণ ২০২৪’ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘প্ৰমিচিং স্বচ্ছ চহৰ’ বঁটা
