• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত ‘ভিষ্টা ক্লাছেছ’ৰ উদ্বোধন কৰিলে নিশিতা গোস্বামীয়ে

ByNaba Barta

Jul 21, 2025
Spread the love

নৱবার্তা গুৱাহাটী,: ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসামৰিক সেৱা, এছ এছ চি, বেংকিং, ৰেলৱে আদি দুয়োটা দিশতে চাকৰিৰ আকাংক্ষীসকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে দেওবাৰে গুৱাহাটীৰ বেলতলা তিনিয়ালিত ভিষ্টা এডুকেয়াৰৰ ভগ্নী সংস্থা ‘ভিষ্টা ক্লাছছ’ৰ শুভাৰম্ভ কৰা হয়।
জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ভিষ্টা ক্লাছেছ’ৰ উদ্বোধন কৰি ইয়াৰ সফলতা কামনা কৰে। লগতে ইয়াৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকল লাভাম্বিত হ’ব বুলি কয়।’ অনুষ্ঠানত
(ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক) ড০ দীপাংকৰ দত্ত, গৌতম দাস (ভিষ্টা এডুকেয়াৰৰ একাডেমিক হেড), টিটন দাস (চি এম ডি ভিষ্টা এডুকেৰ আৰু ভিষ্টা ক্লাছ) আৰু দ্বীপায়ন দাস (ভিষ্টা ক্লাছৰ একাডেমিক এডভাইজাৰ)ৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি। উল্লেখ‍্য, সমগ্ৰ উত্তৰ-পূবত কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত ৮ বছৰৰ সফল যাত্ৰাৰ অন্তত ভিষ্টা এডুকেয়াৰে নতুন উদ্যোগ ভিষ্টা ক্লাছছ আগবঢ়াইছে।L

Leave a Reply

Your email address will not be published. Required fields are marked *