• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত  বৃক্ক ৰোগকলৈ সজাগতা অনুষ্ঠান

ByNaba Barta

Jul 27, 2025
Spread the love

ভাৰতত বৃক্ক বিকল হোৱাৰ ফলত হোৱা মৃত্যুৰ হাৰ ৩৮ শতাংশ বৃদ্ধি পাইছে

ভাৰতত মধুমেহ, উচ্চ ৰক্তচাপ, আৰু দীৰ্ঘদিন ধৰি কিছুমান বিষনাশক ঔষধৰ ব্যৱহাৰ বৃক্ক বিকল হোৱাৰ প্ৰধান কাৰণ

সময়ত হস্তক্ষেপ আৰু বিশেষজ্ঞতাৰ সহায়ত বৃক্ক সংৰোপণে সুৰক্ষিত কৰিব পাৰে ৰোগীৰ ভৱিষ্যত’- ডাঃ সুমন লতা

‘নৱবার্তা গুৱাহাটী: ভাৰতত ক্ৰনিক কিডনী ডিজিজ (চি কে ডি) ক্ৰমান্বয়ে জনস্বাস্থ্যৰ এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এনেক্ষেত্ৰত সাধাৰণতে দেখা দিয়া লক্ষণসমূহ মৃদু বা সাধাৰণ ক্লান্তি নাইবা জীৱনশৈলী সম্পৰ্কীয় সমস্যা বুলি সহজতেই ধাৰণা কৰি লোৱাত গুৰুতৰ পৰ্যায়ত উপনীত নোহোৱালৈকে প্ৰায়ে বিশেষ গুৰুত্ব নিদিয়াকৈ থাকি যোৱা দেখা যায়। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ অধ্যয়ন অনুসৰি ভাৰতত বৃক্ক বিকল হোৱাৰ ফলত হোৱা মৃত্যুৰ হাৰ ৩৮ শতাংশ বৃদ্ধি পাইছে। ইয়াৰে কম সংখ্যকেহে সময়মতে বৃক্ক সংৰোপণ কৰে। বৃক্ক সংৰোপন হৈছে এনে এক অস্ত্ৰোপচাৰ য’ত এটা ক্ষতিগ্ৰস্ত বৃক্কক আন দাতাৰ এটাৰ সুস্থ বৃক্কৰে সলনি কৰা হয়। কিডনী বিকল হোৱাৰ দৰে শেষ পৰ্যায়ৰ বৃক্কৰ ৰোগ থকা লোকৰ বাবে এয়া হ’ব পাৰে জীৱন ৰক্ষাকাৰী চিকিৎসা।

শনিবাৰে গুৱাহাটীত আয়োজিত এক সজাগতা অনুষ্ঠানৰ সময়ত ক্ৰনিক কিডনীৰ অৱস্থা সন্দৰ্ভত কিছু তথ্য অৱগত কৰি  নতুন  দিল্লীৰ দ্বাৰকাস্থিত মণিপাল হাস্পতালৰ নেফ্ৰ’লজী এণ্ড কিডনী ট্ৰান্সপ্লাণ্ট বিভাগৰ এইচ অ’ ডি তথা পৰামৰ্শদাতা – ডাঃ সুমন লতাই কয়, ‘ক্ৰনিক কিডনী ডিজিজ (চি কে ডি) হৈছে এক প্ৰগতিশীল আৰু প্ৰায়ে নিৰৱ অৱস্থা, যাক আগতীয়াকৈ চিনাক্ত নকৰিলে ই মানুহৰ জীৱন ধাৰণত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। ভাৰতত মধুমেহ, উচ্চ ৰক্তচাপ, আৰু দীৰ্ঘদিন ধৰি কিছুমান বিষনাশক ঔষধৰ ব্যৱহাৰ বৃক্ক বিকল হোৱাৰ প্ৰধান কাৰণ। কিন্তু চিকিৎসা প্ৰযুক্তি আৰু আধুনিক চিকিৎসাৰ উন্নতিৰ লগে লগে শেষ পৰ্যায়ৰ বৃক্কৰ ৰোগকো ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়। বৃক্ক সংৰোপন কেৱল নিৰাপদেই নহয়, ইয়াৰ সফলতাৰ হাৰো অধিক হয়, যাৰ ফলত ৰোগীয়ে সুস্থ আৰু পৰিপূৰ্ণ জীৱনৰ উপভোগৰ সুযোগ পায়।”

দিল্লীৰ এইচ চি এম চি টি মণিপাল হাস্পতালে সমগ্ৰ ভাৰততে বিশেষ চিকিৎসাৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত সদায় আগৰণুৱা হৈ আহিছে। চিকিৎসালয়খনে নিদান, চিকিৎসা ব্যৱস্থাপনা, ডায়েলাইছিছ, বৃক্ক সংৰোপণকে ধৰি বিস্তৃত নেফ্ৰ’লজিকেল চিকিৎসা প্ৰদান কৰে। সজাগতা, আগতীয়াকৈ ধৰা পেলোৱা, আৰু বিশেষজ্ঞ চিকিৎসাৰ নিৰ্দেশনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিকিৎসালয়খনে জনসাধাৰণক তেওঁলোকৰ স্বাস্থ্যৰ দায়িত্ব ল’বলৈ আৰু বহু দেৰি হোৱাৰ আগতেই সময়মতে চিকিৎসা গ্ৰহণ কৰিবলৈ সবল  কৰি তোলাৰ লক্ষ্য ৰাখিছে। মানুহে স্বাস্থ্য সন্মত খাদ্য গ্ৰহণ কৰিব লাগে আৰু বাহিৰত খাদ্য গ্ৰহণ কৰা আৰু মিঠা জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ভাৰতত ডেৰ লাখৰ পৰা দুই লাখ বৃক্ষ সংৰোপনৰ প্ৰয়োজন হয় কিন্তু মানুহৰ মাজৰ সজাগতাৰ অভাৱ বাবে মাত্ৰ ৫ ৰ পৰা ৭ হাজাৰ মান বৃক্ক সংৰোপন কৰা হয়। মানুহৰ মাজত এতিয়াও অংগদানৰ ক্ষেত্ৰত সমাগতাৰ প্ৰয়োজন হয়। অংগদানৰ জৰিয়তে আমি মহৎ কৰ্ম কৰি যাব পাৰো ।’ 

Leave a Reply

Your email address will not be published. Required fields are marked *