• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত প্ৰেছ ক্লাবতচি ই ই আম্পাইৰ-২০২৫ ৰ সংবাদ মেল

ByNaba Barta

Jul 12, 2025
Spread the love

সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব চি ই ই আম্পাইৰ
পৰীক্ষা

নৱবার্তা গুৱাহাটী: গুৱাহাটীকে ধৰি পূব ভাৰতৰ ১৩টা কেন্দ্ৰত ২৭ জুলাইত
অনুষ্ঠিত হ’ব চি ই ই আম্পাই ২০২৫ ডব্লিউ বি পৰীক্ষা। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত চি ই ই আম্পাইৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এই ঘোষণা কৰে চি ই ই আম্পাইৰ আহ্বায়ক বিদ্যুৎ মজুমদাৰে।তেওঁ কয়-এই পৰীক্ষা হৈছে পশ্চিম বংগ চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত হোৱা ৰাজ্যিক স্বীকৃতিপ্রাপ্ত পৰীক্ষা আৰু কলকাতা (উত্তৰ), কলকাতা (দক্ষিণ), উত্তৰ ২৪ পৰগনা (২ কেন্দ্ৰ), নাদিয়া, আছানছল, মালদা, মেদিনীপুৰ, শিলিগুৰি, পাটনা, বাঁচী, আগৰতলা আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব এই পৰীক্ষা। এই পৰীক্ষাত পশ্চিমবংগৰ পাঁচখন আপ্পাই অনুমোদিত মহাবিদ্যালয়ত চাৰি বছৰীয়া বি.টেক আৰু বি.ফার্ম কাৰ্যসূচীত নামভৰ্তিৰ ব্যৱস্থা কৰা হয়।৩১ ডিচেম্বৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক, ১৭ বছৰ বা তাতকৈ অধিক বয়সৰ হ’ব লাগিব। আৰু স্বীকৃতিপ্রাপ্ত ব’ৰ্ডৰ পৰা পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু গণিতত ১০+২ বা সমতুল্য উত্তীর্ণ হ’ব লাগিব।শিখ সংখ্যালঘু প্ৰাৰ্থীক অগ্রাধিকাৰ দিয়া হ’ব যদিও বাকী সমগ্ৰ ভাৰতৰ যিকোনো ধর্ম, জাতি বা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি হ’ব, যোগ্যতাৰ ভিত্তিত।’ সংবাদ মেলত দি চি ই ই আম্পাইৰ সম্পাদক চৰ্দাৰ সোহন সিঙে কয় যে, “এই পৰীক্ষা কেৱল উচ্চ শিক্ষাৰ দুৱাৰমুখ নহয় বৰঞ্চ সর্বাংগীন শৈক্ষিক সবলীকৰণৰ দিশত এক পদক্ষেপ। আমাৰ লক্ষ্য হৈছে সংখ্যালঘু সম্প্রদায় আৰু ইয়াৰ বাহিৰৰ যোগ্য ছাত্র-ছাত্ৰীসকলে যাতে গুণগত কাৰিকৰী শিক্ষাৰ সমান সুযোগ লাভ কৰে।”অনলাইন আবেদন কৰিব বাবে ২০০ টকা মাছুল নির্ধাৰণ কৰা হৈছে। সবিশেষ তথ্য অফিচিয়েল ৱেবছাইটত উপলব্ধ: www.ampai.in থাকিব।বিশেষ জানিব বাবে যোগাযোগ কৰক ৯৮৩০৩২৯৮৪২/৯৮৬৪০৪১৫৮২ বি টেক, বি ফাৰ্মৰ পৰীক্ষা হ’ব ২৭ জুলাইত।
সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব এই পৰীক্ষা।এই
পৰীক্ষা দিয়া সকলোৱে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । বিগত বছৰ ৫ হাজাৰৰ অধিকে পৰীক্ষা দিছিল।’ সংবাদ মেলত ব্যতিক্ৰম মাছডোৰ সভাপতি সৌমেন ভাৰতীয় উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *