নৱবার্তা গুৱাহাটী: ভোগালীবিহু পদূলি মুখত। সমাগত ভোগালী বিহুৰ সৈতে সংগতি ৰাখি মহানগৰীৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে প্ৰাক্ ভোগালী মেলা।
মহানগৰীৰ ৰূপনগৰস্থিত নেডফি হাটত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাক্ ভোগালী মেলা।
থলুৱা পৰম্পৰাগত সুস্বাদু খাদ্য সম্ভাৰৰ সমাহাৰে ভৰি পৰিছে প্রি ভোগালী মেলা।
৯ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ পাঁচ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত হব এই ভোগালী মেলা।
অসমৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১২০ খনকৈ বিপনী উপলব্ধ হৈ আছে।এইবাৰ নেডফিৰ প্ৰাক ভোগালী লেলাত ভুটানৰ বিপনীয়েও অংশ লৈছে।।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নেডফি ৰ পৰিচালন সঞ্চালক তথা মুখ্যকাৰ্যবাহী বিষয়া পি ভি এছ এল এন মূৰ্তি, বিশিষ্টঅভিনেত্ৰী চেতনা দাস আদিয়ে। আনহাতে
অসমৰ অন্যতম সামাজিক সাংস্কৃতিক সংস্থা বৰ অসমৰ উদ্যোগত গুৱাহাটীৰ সিদ্ধিনাথ শৰ্মা ভৱনত আয়োজন কৰা হৈছে ‘বৰ অসম ভোগালী মেলা। এই মেলাখনজনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাস, খ্যাতনামা ফেশ্বন ফটোগ্ৰাফাৰ ইউনিক বৰা আৰু জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসে মুকলি কৰে।
১৪ জানুৱাৰী ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাত অসমৰ বিভিন্ন জিলাৰ ভিন ভিন জনগোষ্ঠীয় আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰিছে বুলি সামাজিক সাংস্কৃতিক সংস্থা ‘বৰ অসম’ৰ সভাপতি বিনীতা দত্ত চৌধুৰীয়ে জানিবলৈ দিছে।
গুৱাহাটী চিৰ সেউজ কলা কৃষ্টি কেন্দ্রৰ উদ্যোগত
৯ জানুৱাৰী পৰা ১৩ জানুৱাৰী লৈকে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনুষ্ঠিত হৈছে। শুকুৰবাৰে মেলাখব জনপ্রিয় কণ্ঠশিল্পী ড০ সংগীতা কাকতি আৰু লেখক তথ্য গবেষক, গৱেষণাৰ বাবে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণ বঁটা বিজয়ী তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিশেষজ্ঞ কমিটিৰ সদস্য ড০ অসীম বৰাই মুকলি কৰে বুলি চিৰ সেউজ কলা কৃষ্টি কেন্দ্রৰ সভাপতি
লীনা ৰাজকুমাৰী বৰুৱাই জানিবলৈ দিয়ে।
গুৱাহাটীত প্ৰাক্ ভোগালী মেলা
