নৱবার্তা গুৱাহাটী : বিশ্বৰ অগ্ৰণী দুচকীয়া আৰু তিনিচকীয়া বাহন প্ৰতিষ্ঠান টি ভি এছ মটৰ কোম্পানী (টি ভি এছ এম) এ ভাৰতৰ আটাইতকৈ দ্রুততম হাইপাৰ স্প’ৰ্ট স্কুটাৰ টিভিএছ এনটর্ক ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ১৪৯.৭চিচি ৰেচ-টিউনড ইঞ্জিনৰ দ্বাৰা চালিত আৰু ষ্টেল্থ বিমানৰ ডিজাইন সম্বলিত নতুন স্কুটাৰখন হৈছে নতুন প্ৰজন্মৰ ৰাইডাৰসকলৰ চখ পূৰণ কৰিব বুলি আশা ব্যক্ত কৰা হৈছে। আজি গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক অনুষ্ঠানত এই নতুন দুচকীয়া বাহনখন মুকলি কৰা হয়। অনুষ্ঠানত ভাগ লৈ টি ভি এছ মটৰ কোম্পানীৰ কমিউটাৰ এণ্ড ইভি ব্যৱসায়ৰ মূৰব্বী তথা কৰ্পৰেট ব্ৰেণ্ড এণ্ড মিডিয়াৰ মূৰব্বী, জ্যেষ্ঠ উপাধ্যক্ষ অনিৰুদ্ধ হালদাৰে কয় যে যুৱ প্ৰজন্মৰ আশা পূৰণ হোৱাকৈ নিৰ্মাণ কৰা টি ভি এছ এনটৰ্ক ১৫০ ৰ আৰম্ভণি মূল্য ১.১৯ লাখ টকা (এক্স-শ্ব’ৰুম, সমগ্র দেশ) ধাৰ্য কৰা হৈছে । ইয়াৰ মাল্টিপইন্ট প্রজেক্টৰ হেডলেম্প, এৰ’ডাইনেমিক উইংলেট, ৰঙীন এলয় হুইল আৰু চিগনেশ্বৰ মাফলাৰ ৰূপে ৰেচিং ডিএনএক উজ্জ্বল কৰি তোলে এলেক্সা আৰু স্মার্টৱাশ্বৰ সংহতি, লাইভ ট্রেকিং, নেভিগেচন আৰু অ ‘টিএ আপডেটকে ধৰি ৫০+ স্মার্ট বৈশিষ্ট্যৰ সৈতে এটা হাই-ৰেজ টিএফটি ক্লাষ্টাৰে ইয়াক ইয়াৰ শ্ৰেণীৰ আটাইতকৈ উন্নত স্কুটাৰ কৰি তুলিছে। ২০ লাখৰো অধিক এনটৰ্কিয়ান আৰু ৫০টা স্ব-পৰিচালিত ৰাইড গ্রুপ আৰু সম্প্রদায়ে ভাৰতৰ অন্যতম প্ৰিয় আৰু আইকনিক অটমটিভ ব্ৰেণ্ড আৰু ইয়াৰ ৰাইডাৰৰ মাজত গঢ়ি তোলা সম্পর্কক সংজ্ঞায়িত কৰে। টি ভি এছ এনটর্ক আকর্ষণীয় ডিজাইন, উৎকৃষ্ট প্রদৰ্শন আৰু নতুন যুগৰ প্ৰযুক্তিৰ সমাৰ্থক হৈ আহিছে। সকলো নতুন টি ভি এছ এনটর্ক ১৫০-ৰ আৰম্ভণি জি-ৰ বিকশিত উচ্চ প্ৰদৰ্শনৰ আকাংক্ষা পূৰণ কৰিবলৈ ডিজাইন কৰা হৈছে! হাইপাৰ ফিউচাৰিষ্টিক ডিজাইন প্ৰদৰ্শন আৰু হাইপাৰ কানেক্টেড প্ৰযুক্তিৰ সৈতে ভাৰতৰ প্ৰথমটো হাইপাৰ স্পর্ট স্কুটাৰ টিভিএছ এনটর্ক ১৫০-এ ৰাইডাৰসকলক ৰোমাঞ্চিত কৰিব আৰু টিভিএছ এনটর্ক ব্রেন্ড ফ্রেঞ্চাইজি অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰিব।টি ভি এছ এনটর্ক ১৫০ ত ১৪৯.৭চিচি, এয়াৰ কুল্ড, অ’ ৩ চিটেক ইঞ্জিন আছে ।