• Sat. Jan 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

কিউপিডছ কেডেঞ্চ ২০২৬ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

ByNaba Barta

Jan 9, 2026
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী: জাছাৰেনা ইণ্ডিয়া প্রাইভেট লিমিটেডে এমবিএছ ইভেন্টৰ সহযোগত  ১৪ ফেব্রুৱাৰীত শ্বিলঙতত আয়োজন কৰিব কিউপিডছ কেডেঞ্চ ২০২৬।  যাক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম প্রিমিয়াম, প্রেমিক যুগলৰ ভেলেন্টাইনছ ডে’ লাইভ মিউজিক কনচার্ট হিচাপে পৰিচালিত কৰা হৈছে। শুকুৰবাৰে দিছপুৰ প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে জাছাৰেনা ইণ্ডিয়া প্রাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক আৰিফ চৌধুৰীয়ে। তেওঁ লগতে কয়-এই অনুষ্ঠানটো প্রেমিকযুগলসকলৰ বাবে বিশেষভাৱে ৰূপায়ণ কৰা এক পৰিশীলিত, সুৰক্ষিত আৰু ব্রেন্ড-চেফ সাংস্কৃতিক অভিজ্ঞতা, য’ ত লাইভ সংগীত, পৰিকল্পিত পৰিবেশ আৰু উন্নত মানৰ আতিথ্য উপভোগ কৰিব পৰা যাব।

এই অনুষ্ঠানৰ মুখ্য শিল্পী হ’ল  মাধুবন্তী বাগচী আৰু

তাৰকা গায়িকা: ৰূপালী জান্না। অনুষ্ঠানত প্রায় ৩,০০০-৪,০০০ জন প্রিমিয়াম দৰ্শকৰ উপস্থিতিৰ আশা কৰা হৈছে। কিউপিডছ কেডেঞ্চ ২০২৬ক উত্তৰ-পূৰ্বাঞ্চলৰ এক স্থায়ী আৰু মর্যাদা সম্পন্ন ভেলেন্টাইনছ ডে’ সাংস্কৃতিক আইপি হিচাপে গঢ়ি তোলাই আমাৰ মূল লক্ষ্য। ‘ সংবাদমেলত জাছাৰেনা ইণ্ডিয়াৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *