বিশ্বৰ সৰ্বাধিক খ্যাতিপ্রাপ্ত ফিনিস্থ শিক্ষাবিজ্ঞানে উত্তৰ-পূব ভাৰতৰ আই জি চি এছ ই পাঠ্যক্ৰম আৰম্ভ
নৱবার্তা গুৱাহাটী ,: এডুকেচন মডেলৰ বাবে বিশ্বজুৰি পৰিচিত ফিনলেণ্ড ইন্টাৰনেশ্বনেল স্কুলে গুৱাহাটী কেম্পাছ মুকলি কৰাৰ কথা মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ঘোষণা কৰে। সংবাদ মেল যোগে ভাৰতৰ ফিনলেও ইন্টাৰনেশ্বনেল স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নিকি কেস্কিনেনে। তেওঁ লগতে কয়- এই নতুন শিক্ষানুষ্ঠানে উত্তৰ পূৱলৈ প্ৰথমবাৰৰ বাবে বিশ্বব্যাপী প্রশংসিত ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাৰ সৈতে কেম্ব্রিজ আই.জি.চি.এছ.ই পাঠ্যক্ৰমৰ সংমিশ্রণ ঘটায় এক সুন্দৰ পাঠ্যক্ৰমৰ আৰম্ভণি কৰে|
শিক্ষা কেৱল পৰীক্ষাৰ বাবে নহয়, শিক্ষা হ’ল জীৱন গঢ়িবৰ বাবেহে।” তেওঁ লগতে জনাই যে “ফিনিছ পাঠ্যক্রমে শিক্ষার্থীসকলৰ মনত জনাৰ আগ্রহ, সৃষ্টিশীলতাৰ মনোভাৱ, আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। এই কথাৰ ওপৰত গুৰুত্ব ৰাখিয়েই পুনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত বিশ্বব্যাপী প্রশংসিত ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাৰ সৈতে কেম্ব্রিজ আই.জি.চি.এছ.ই পাঠ্যক্ৰমৰ সংমিশ্রণ ঘটায় এক সুন্দৰ পাঠ্যক্ৰমৰ আৰম্ভণি কৰে; যিয়ে বিশ্বমানৰ, ভৱিষ্যমুখী শিক্ষা ব্যৱস্থা আগবঢ়াব।”
সংবাদ মেলত
ফিনলেও ইন্টাৰনেশ্বনেল স্কুল গুৱাহাটীৰ অধ্যক্ষ জুহা ভাল্টাই কয়-ফিনলেও ইন্টাৰনেশ্বনেল স্কুল গুৱাহাটী কিন্তু এই ক্ষেত্রত কিছু সুকীয়া, কাৰণ এফ আই এছ গুৱাহাটীত ফিনলেণ্ডৰ বিশেষজ্ঞ আৰু প্ৰশিক্ষকৰ এটা দল কেম্পাছত পূর্ণকালীনভারে নিয়োজিত হ’ব, পোনপটীয়াকৈ শ্রেণীসমূহৰ নেতৃত্ব দিব আৰু শিক্ষা প্ৰদানৰ তদাৰক কৰিব। ভাৰতীয় শিক্ষকৰ এটা যোগ্য আৰু অভিজ্ঞ দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি তেওঁলোকে বিশ্বব্যাপী উত্তম পদ্ধতিসমূহ দৈনন্দিন শিক্ষাব্যৱস্থাত অন্তর্ভুক্ত কৰাটো নিশ্চিত কৰিব। এই অনন্য সহযোগিতাই আমৰ ছাত্ৰ-ছাত্ৰীক নিজা স্থানত থাকিয়েই আন্তঃৰাষ্ট্ৰীয় প্রামাণিক ফিনিছ শিক্ষাব্যৱস্থা গ্রহণ কৰিব পাৰিব।গুৱাহাটী চৌহদটো বিশ্বমানৰ আন্তঃগাঁথনি যুক্ত আৰু শিক্ষণৰ বিকাশ সাধন কৰাৰ লগতে নমনীয় শিক্ষণ স্থান, কার্যকলাপভিত্তিক শ্রেণীকোঠা, ক্রীড়া আৰু সু-স্বাস্থ্য গঢ়াৰ সুবিধা, আৰু সৃষ্টিশীলতা আৰু সমস্যা সমাধান বৃদ্ধি কৰা সংহত প্রযুক্তি সঁজুলি, ছাত্র-ছাত্রীসকলে বাস্তৱ জগতৰ দক্ষতাক লালন পালন কৰিবলৈ হাতে কামে কৰা অভিজ্ঞতাভিত্তিক কার্যকলাপ যাক সহযোগিতামূলক শিক্ষণত গুৰুত্ব দিয়ে।