• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

এছ’ছামৰ উদ্যোগত আজি গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত “অসমৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানিকাৰীৰ সক্ষমতা গঠন’ শীৰ্ষক এখন আলোচনাচক্ৰ

ByNaba Barta

Dec 19, 2024
Spread the love

নৱবার্তা গুৱাহাটী, এ’চিয়েটেড চেম্বার্চ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া চমুকৈ এছ’ছামৰ উদ্যোগত আজি গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত “অসমৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানিকাৰীৰ সক্ষমতা গঠন’ শীৰ্ষক এখন আলোচনাচক্ৰ দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় । এম এছ এম ই , এছ চি, এছ টি, মহিলা আৰু ষ্টাৰ্টআপসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰি এই কৰ্মশালা খন অনুষ্ঠিত কৰা হয় ।আলোচনাচক্ৰখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৃষি, উদ্যান শস্য,আবকাৰী, অসম চুক্তি ৰূপায়ন আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰাই কয়-“ ৰাজ্য চৰকাৰে যোৱা ২-৩ টা বছৰত যথেষ্ট প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ গ্ৰাম্য অর্থনীতিক পুনৰ শক্তিশালীকৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে ৷আমাৰ ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলসমূহৰ বাসিন্দাৰ এতিয়াও মূল বৃত্তি হৈছে কৃষি ৷ সন্মানীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী নেতৃত্বত বর্তমানৰ ৰাজ্য চৰকাৰখনে আন অর্থনীতিৰ ক্ষেত্ৰসমূহৰ লগতে কৃষি অর্থনীতিৰ ক্ষেত্ৰখনক শক্তিশালী কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷কৃষি-উদ্যানসস্য ক্ষেত্ৰখনত ৰপ্তানিৰ প্ৰচাৰৰ লগতে ব্যৱসায়িক অনুকূল নীতি গ্ৰহণ কৰা হৈছে ৷”অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ আয়ুক্ত সচিব তথা কৃষি বিভাগৰ কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰীয়াই কয়-“ অসমসহ উত্তৰ-পূর্বাঞ্চলত উৎপাদন হোৱা বহু সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত উচ্চ চাহিদা আছে ৷ বহু কেইখন ৰাজ্যই কিছুমান অনন্য আৰু একক সামগ্ৰী উৎপাদন কৰিছে, যিবোৰৰ বিশ্বত যথেষ্ট চাহিদা আছে ৷ আমাৰ ইয়াত উৎপাদন হোৱা হালধি-আদা আদিৰ বৃহৎ চাহিদা আছে ৷ কিন্তু যোগান শৃংখলা ধাৰাবাহিকভাৱে অব্যাহত ৰখাটো এক প্ৰত্যাহ্বান ৷ সমগ্ৰ ৰপ্তানি ব্যৱস্থাটোত বহুসংখ্যক অংশীদাৰী জড়িত হৈ থাকে ৷ উদ্যমী সকলকে ধৰি অধিকাংশ অংশীদাৰী আজিৰ আলোচনাচক্ৰত উপস্থিত থকাটো এক আশাৰ বতৰা ৷ “ সেয়েহে ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত এক ইতিবাচক সমাধানসূত্ৰ ওলাব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি এছ’ছামৰ উত্তৰ পূব উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰীযুত সঞ্জীৱ নাৰায়ণে কয়-“ অসমৰ অর্থনৈতিক বিকাশৰ ধাৰাবাহিকতা অব্যাহত আছে ৷ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মূল বিত্তীয় লেনদেনৰ পৰিমান যথেষ্ট বৃদ্ধি পাইছে , যিয়ে শক্তিশালী অৰ্থনৈতিক বিকাশৰ ইংগিত প্ৰদান কৰিছে ৷ সমগ্ৰ বিশ্বতে অসমৰ চাহৰ এক পৰিচয় আছে ৷ অসমৰ পৰা জহা চাউল, ভোট জলকীয়া, বেত আৰু বাঁহৰ সামগ্ৰী, আদা, ফলমূল, শাক-পাচলি আদি ৰপ্তানি হয় ।“
আলোচনাচক্ৰখনত এক বিশেষ সত্ৰ সম্বোধন কৰি কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী উন্নয়ন প্ৰাধিকৰণ চমুকৈ এপিডাৰ উপদেষ্টা শ্ৰীযুত ত্ৰিৰংগ ভাৰতীয় বৰাই বিগত সময়ছোৱাত প্ৰাধিকৰণে গ্ৰহণ কৰা বিশেষ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে ৷ বিশেষকৈ বিত্তীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত এপিডাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে প্ৰাধিকৰণৰ উদ্যোগত বিক্ৰেতা-ক্ৰেতাৰ মাজত আলোচনাচক্ৰ অনুষ্ঠিত হৈছে ৷

আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন প্ৰর্দশনীও অনুষ্ঠিত কৰা হয় ৷ য’ত কেইবাটায়ো আত্মসহায়ক গোট তথা উদ্যোগীয়ে উৎপাদন কৰা সামগ্ৰী যেনে আচাৰ, পিঠা, লাৰু, চিৰা, কোমল চাউল, মেটেকাৰ বেগ, চাহপাত, গামোচা, মেখেলা চাদৰ আদি প্ৰদর্শন কৰা হয় ৷ অনুষ্ঠানত এমজেআই গ্ৰুপৰ প্ৰতিষ্ঠাপক জেহিৰুল ইছলামেও ভাষণ প্ৰদান কৰে ৷অনুষ্ঠানত এছ আই ডি বি আই ,এছ বি আই , ই চি জি চিৰ প্ৰতিনিধি সকল উপস্থিত থাকে আৰু মত বিনিময় কৰে । ডি জি আই এফ টি আৰু শুল্ক বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া আলোচনাচক্ৰ খনত উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *