• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

এঘাৰদিনীয়া কাৰ্যসূচীৰেগুৱাহাটী শিশু মহোৎসৱ-২০২৫

ByNaba Barta

Jul 9, 2025
Spread the love

১০ জুলাইৰ পৰা ২০ জুলাইলৈ চানমাৰিত অসম প্রকাশন পৰিষদৰ বৰ্ণাঢ্য আয়োজন

গ্রন্থমেলা, ছাত্র-ছাত্রীৰ কৰ্মশালা, চলচ্চিত্র প্রদর্শন, চিত্রাংকন, কবিতা আবৃত্তি, মাতৃৰ টিফিন প্রস্তুত প্রতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা

‘নৱবার্তা গুৱাহাটী::শিশুৰ বৌদ্ধিক উত্তৰণ তথা প্রতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি অসম প্রকাশন পৰিষদে প্রথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিছে ‘গুৱাহাটী শিশু মহোৎসব-২০২৫’। গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত ১০ জুলাইৰ পৰা ২০ জুলাই, ২০২৫লৈ ১১দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই ‘গুৱাহাটী শিশু মহোৎসব-২০২৫ত বিশেষতঃ গ্রন্থমেলা, শিশুৰ বাবে কর্মশালা, শিশু চলচ্চিত্র প্রদর্শন, সাংস্কৃতিক অনুষ্ঠান, চিত্রাকংণ প্রতিযোগিতা, কবিতা আবৃত্তি প্রতিযোগিতা, মাতৃব টিফিন প্রস্তুত প্রতিযোগিতা আদি কাৰ্যসূচী ধার্য কৰা হৈছে। ১০ জুলাইৰ বিয়লি ৩ বজাত এই শিশু মহোৎসব উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে। বুধবাৰে অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত শিশু মহোৎসৱ প্রাংগণত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই। তেওঁ লগতে কয় যে উদ্বোধনী অনুষ্ঠানত সম্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামূলী আৰু পশ্চিমবংগৰ বিশিষ্ট লেখক সিজাৰ বাগচী। গ্রন্থমেলাত ইতিমধ্যে ৩০টা গ্রন্থ প্রতিষ্ঠানে তেওঁলোকৰ শিশুসাহিত্য সম্ভাৰ লৈ অংশগ্রহণ নিশ্চিত কৰিছে। গ্রন্থমেলাত অংশগ্রহণ কৰা ৰাজ্যৰ বাহিৰৰ অন্যতম গ্রন্থ বিপণীসমূহ হ’ল পেংগুইন, হাৰপাৰ কলিনছ, উডপেকাৰ, নেশ্যনেল বুক ট্রাষ্ট, অ’ছৱাল পাব্লিচার্ছ ইত্যাদি। ইয়াৰ লগতে অসম প্রকাশন পৰিষদ, লয়াৰ্ছ বুক ষ্টল, আংগিক, আঁক-বাক, বান্ধব, পুথিতীর্থ প্রকাশন, বনলতা, অসম শিশুসাহিত্য ন্যাস, ৰেখা প্ৰকাশন আদি ৰাজ্যৰ আগশাৰীৰ গ্ৰন্থ প্রতিষ্ঠানসমূহেও অংশগ্রহণ কৰিব। শিশু মহোৎসৱৰ গ্ৰন্থমেলাত কেৱল শিশু উপযোগী গ্রন্থ প্রদর্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। লগতে গ্রন্থ প্রকাশককহে এই গ্রন্থমেলাত অংশগ্ৰহণৰ সুবিধা দিয়া হৈছে। ১০ জুলাইৰ পৰা ২০ জুলাইলৈ ছাত্র-ছাত্রীসকলৰ বাবে অনুষ্ঠিত হ’ব বিভিন্ন বিষয়ৰ কর্মশালা। এই কর্মশালাত নাটক, সুকুমাৰ কলা, নৃত্য, সংগীত, মূকাভিনয়, যোগাসন আদি বিষয়ত শিক্ষা প্রদানৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰ প্ৰাংগণত কৰ্মশালাৰ যাৱতীয় সকলো ব্যৱস্থা সম্পূর্ণ কৰি তোলা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণৰ বাবে ৰাজ্যখনৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক নিজ নিজ বিষয়ত পাৰদৰ্শিতা অনুযায়ী সমল ব্যক্তি হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। সেই সমল ব্যক্তিসকলৰ ভিতৰত আছে বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মা, মূকাভিনয় শিল্পী মইনুল হক, নাট্য শিল্পী ৰবিজিতা গগৈ, নৃত্য শিল্পী কমল নাথ। লগতে দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, প্রিয়ংকা কাশ্যপ আৰু ৰাজ আহমেদো সমল ব্যক্তি হিচাপে কর্মশালাত উপস্থিত থাকিব। কৰ্মশালাৰ লগতে পুৱাৰ ভাগত নিতৌ যোগাসনৰ প্রশিক্ষণ দিব আৰতি হাজৰিকাই। কর্মশালালৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে ড° জয়দীপ বৰুৱা, পাৰ্থসাৰথি মহন্ত, ৰাজ ফুকন, তৰুণ শইকীয়া, যতীন বৰা, গায়ত্ৰী মহন্ত, সৌম্যদীপ দত্ত প্রমুখ্যে বিশিষ্ট ব্যক্তিসকলক। গুৱাহাটী শিশু মহোৎসৱৰ অন্যতম এক আকর্ষণ হ’ব প্রতিদিনে বিয়লি ৪ বজাত শিশুসকলৰ বাবে চলচ্চিত্র প্রদর্শন। তাৰ বাবে কেইখনমান বিখ্যাত দেশী আৰু বিদেশী চলচ্চিত্র প্রদর্শনৰ বাবে নির্বাচন কৰা হৈছে। উক্ত চলচ্চিত্রকেইখন হৈছে ক্রমে- খ্ৰভিনো (ৰাছিয়া), দ্য ছং অব ফ্লাইং লিভ্ ছ (আর্মেনিয়া), লাডাখ ৪৭০ (ভাৰত), হিট উইকেট (ভাৰত), এ ৰেয়াৰ গিফ্ ট (ভাৰত), ইচ্ছেপূরণ (ভাৰত) আদি। শিশু মহোৎসৱৰ ১৯ জুলাইৰ দিনা মাতৃসকলৰ বাবে টিফিন প্রস্তুত প্রতিযোগিতা আয়োজন কৰা হৈছে। কলিতাই লগতে কয় মহোৎসৱৰ প্রতিদিনেই বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত ২০খন শিক্ষানুষ্ঠানে অংশগ্রহণ কৰিব। শিশু মহোৎসৱৰ অন্তিম দিনা পুৱা ৯.৩০ বজাত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হ’ব ক, খ আৰু গ শাখাত। দিনৰ ১১.৩০ বজাত কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হ’ব ‘ক’ আৰু ‘খ’ শাখাত। সেইদিনাই বিয়লি ৪ বজাত প্রতিযোগিতাৰ বিজয়ীসকলক বঁটা প্রদান কৰাৰ লগতে ছাত্র-ছাত্রীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ ব্যৱস্থা কৰা হ’ব। প্ৰৱেশ বিনামূলীয়া এই মহোৎসৱত আমি সকলোৰে সহায়-সহযোগিতা কামনা কৰিলোঁ।’

Leave a Reply

Your email address will not be published. Required fields are marked *