• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

উত্তৰ পূব ভাৰতত এ আই জৰিয়তে স্বাস্থ্য সেৱা উন্নীত কৰণ সন্দৰ্ভত এমট্রনৰ আলোচনা চক্ৰ

ByNaba Barta

Feb 5, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী :
উত্তৰ পূব ভাৰতত এ আই জৰিয়তে স্বাস্থ্য সেৱা উন্নীত কৰণ সন্দৰ্ভত ৫ জি এস্ক্সপেৰিঞ্চ চেণ্টাৰ,
টিচ চিটি এমট্ৰনে
( 5G Experience Center, Tech City AMTRON) পহিলা ফেব্ৰুৱাৰী ত এইম্ ছ প্ৰেক্ষাগৃহত স্বাস্থ্যসেৱাত এ এই আৰু আই অ টি ডিভাইচৰ ওপৰত প্ৰয়োগৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে।
এই অনুষ্ঠানত গুৱাহাটীৰ এইমছৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰানে ভাষণ দিয়াৰ লগতে ৫জি এক্সপিৰিয়েন্স চেণ্টাৰৰ এটা দলে কাৰ্যসূচী সন্দৰ্ভত চমুকৈ বক্তৃতা দাঙি ধৰে।
উল্লেযোগ্য যে উত্তৰ পূব অঞ্চলৰ সামগ্ৰিক উদ্যোগ ৪.০ হস্তক্ষেপ, এন ই আৰত স্বাস্থ্যসেৱাৰ মানদণ্ড আৰু সুলভতা উন্নত কৰাৰ বাবে ৩ডি পি চি ই ইনফ্ৰাৰ প্ৰান্তিককৰণ, এ আই ইন মেন্টেল হেল্থ স্ক্ৰীনিং এণ্ড ছাপৰ্ট অৱ এইমছ, গুৱাহাটীৰ জেৰিয়াট্ৰিক্স কেয়াৰ ভিলেজৰ বাবে আলোচনা চক্ৰত এমট্ৰনৰ দলে আলোচনা কৰে।
এই কাৰ্যসূচীত অধ্যাপক আশিখ সীতী, ড° বৈশালি , আই আই টি বম্বেৰ ইনফিহিলৰ চি ই অ’ সৃষ্টি ছিৰবাস্তৱ, এ এম ট্ৰনৰ ৫ জি এক্সপিৰিয়েন্স চেণ্টাৰৰ পৰা প্ৰসন্ত শৰ্মা আৰু এইমছৰ কেইজনমান অধ্যাপক আৰু টেক চিটিৰ ৫ জি টিম উপস্থিত থাকে। কাৰ্যসূচীত এমট্ৰন দলৰ দ্বাৰা এ আই ডিভাইচৰ সংকলন প্ৰদৰ্শন কৰা হৈছিল। লগতে সৃষ্টি ছিৰবাস্তৱ আৰু ডাঃ বৈশালীয়ে মানসিক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে আৰু লগতে বহু গুৰুৎপূৰ্ণ তথ্য সম্বলিত বক্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *