নৱবাৰ্তা গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চল আৰু তেলেংগানাৰ মাজত সাংস্কৃতিক সমন্বয়ৰ এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে ২০২৬ চনৰ ১০ আৰু ১১ জানুৱাৰীত হায়দৰাবাদত নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ হ’ব। মহামহিম তেলেংগানাৰ ৰাজ্যপাল আৰু তেলেংগানাৰ সাংস্কৃতিক বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে কলাত্মক আৰু সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰাৰ প্ৰতি ৰাজ্যখনৰ ক্ৰমবৰ্ধমান আগ্ৰহক প্ৰতিফলিত কৰিছে।
এই বছৰ মহোৎসৱত ৪০খন কথাছবি, ৬৫খন চুটি ছবি, ৫৬খন শ্বৰ্টাৰ ফিল্ম আৰু ১৫খন তথ্যচিত্ৰকে ধৰি বিভিন্ন শিতানত আকৰ্ষণীয় ১৭৬খন ছবি অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী চলচ্চিত্ৰ জগতত ইয়াৰ বিস্তাৰিত উপস্থিতিৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ভিতৰত শীৰ্ষ ১৯খন ছবি হায়দৰাবাদত চূড়ান্ত ৰাউণ্ডত প্ৰদৰ্শিত হ’ব। (কথাছবি ৬ খন, চুটি ছবি ৫ খন, শ্বৰ্টাৰ ফিল্ম ৫ খন, তথ্যচিত্ৰ ৩ খন)
এই মহোৎসৱত চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ এক ব্যতিক্ৰমী সমাৱেশ অনুষ্ঠিত হ’ব। প্ৰত্যাশিত উল্লেখযোগ্য অতিথিসকলৰ ভিতৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী বিমল বৰা; সন্মানীয় অতিথি হিচাপে কিংবদন্তি সংগীতজ্ঞ লু মাজাও; জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাস; বিশ্বজনীন অভিনেত্ৰী কাৰ্লিটা মৌহিনি; বিখ্যাত চাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম উপস্থিত থাকিব। উল্লেখ্য যে, তেলেগু চলচ্চিত্ৰ উদ্যোগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে জুৰীৰ সদস্য আৰু বিশেষ আমন্ত্ৰিত হিচাপে যোগদান কৰিব।
শেহতীয়াকৈ এন ই কানেক্ট ফেষ্টিভেলৰ সময়ত তেলেংগানাৰ ৰাজ্যপাল শ্ৰীযুত জিষ্ণু দেৱ বৰ্মা আৰু চিনেমেট’গ্ৰাফী মন্ত্ৰী শ্ৰী কোমাটিৰেড্ডি ভেংকট ৰেড্ডীয়ে সম্বৰ্ধনা জনোৱা মহোৎসৱৰ পৰিচালিকা ড° জুনমনি দেৱী খাউণ্ডে এই সংস্কৰণৰ বাবে তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। তেখেতে কয়, “এই অনুষ্ঠানটো কেৱল এটা উৎসৱ নহয়; ই হৈছে গল্প, সংস্কৃতি আৰু সংযোগৰ এটি আন্দোলন। হায়দৰাবাদত অনুষ্ঠিতব্য এই উৎসৱে চিনেমাৰ জৰিয়তে উত্তৰ-পূব আৰু তেলেংগানাৰ সম্পৰ্কক অধিক গাঢ় কৰি তোলাৰ ক্ষেত্ৰত থকা আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। মহামহিম ৰাজ্যপাল আৰু তেলেংগানা সাংস্কৃতিক বিভাগৰ উৎসাহপূৰ্ণ সমৰ্থনত আমি এনে এক স্থান সৃষ্টি কৰিবলৈ আশা কৰিছো য’ত ছবি নিৰ্মাতা, দৰ্শক আৰু গল্পকাৰসকলে পৰস্পৰক সঁচা অৰ্থত আৱিষ্কাৰ কৰাৰ এটি পথ লাভ কৰিব।”
এই মহোৎসৱত বিশ্বখ্যাত শিল্পী কাৰ্লিটা মৌহিনী, কিংবদন্তি সংগীত শিল্পী লৌ মাজাউ, মনীষা বৰদলৈয়ে অনুষ্ঠান পৰিবেশন কৰিব। লগতে, অনুষ্ঠানত অসমীয়া আৰু তেলেংগানাৰ লোক তথা পৰম্পৰাগত নৃত্য-সংগীতো প্ৰদৰ্শন কৰা হ’ব।
অল আসাম চিনে প্ৰডিউচাৰ্ছ এছ’চিয়েশ্যন আৰু বেচৰকাৰী সংস্থা ‘গামোছা’ই নিৰি৯ৰ এই উদ্যোগত সহযোগিতা আগবঢ়াইছে। তেলেংগানা চৰকাৰৰ লগতে অসম চৰকাৰেও এই অনুষ্ঠানলৈ সঁহাৰি জনাইছে।

