• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ইকো ভেলী চিনে প্ৰডাকচনৰ চুটি ছবি “সীমাহীন গোলক”ৰ শুভমুক্তি* 

ByNaba Barta

Oct 14, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী::গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ সন্দিকৈ টকিজত  মঙলবাৰে ড: মাইনু দেৱীৰ পৰিচালনাৰে  আপোন ঘৰ ডে কেয়াৰ  চেন্টাৰ উদ্যোগত এক বিশেষ অনুষ্ঠানত এখনি ছুটি ছবি ‘সীমাহীন গোলক’ ৰ শুভমুক্তি লাভ কৰে। সংগীত জগতৰ ভোটাতৰা সংগীত সূৰ্য্য  জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা অনুষ্ঠানটিত ড: অঞ্জন জ্যোতি চৌধুৰীৰ লগতে বিভিন্ন জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে।ছুটি ছবিখনৰ মূল বিষয়বস্তু হৈছে বিশ্বশান্তি। আজিৰ পৃথিৱীখন বিভিন্ন সমস্যাৰে জৰ্জৰিত, দেশে দেশে যুদ্ধ , খামখেয়ালি, সীমা বিভাজন।যুদ্ধ বিগ্ৰহ পৰিহাৰ কৰি চৰাইৰ দৰে পৰিধি বিহীন ভাবে যাতে মানৱজাতি চাৰিওদিশে যাব পাৰে, শিশুৰ মনস্তত্ত্বৰে তাকেই প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে ছবিখন প্ৰস্তুত কৰা হৈছে। প্ৰযোজক ড: স্বেতা কাশ্যপ। ছবিখনত অভিনয় কৰিছে ডা: নিলোৎপল বৰা, নয়ন জ্যোতি শৰ্মা, উজ্জ্বল শৰ্মা,  পম্পা শৰ্মা তথা শিশু শিল্পী কৌলিন্য শৰ্মা, অনুৰাগ কাশ্যপ, সুশান্ত বেজবৰুৱাই। সহ পৰিচালক বেদান্ত কুমাৰ দাস, চিত্ৰগ্ৰহণ কৰিছে নিকুমনি দাস আৰু পোহৰ চেনমোঙৰ। চিত্ৰনাট্য আৰু সংলাপ ড: মাইনু দেৱীৰ। সম্পাদনা সৌৰভ বৰুৱা। আবহ সংগীত আৰু শব্দ সংযোজন অংকুৰ  ফুকন। চুটি ছবি খনৰ মুখ্য সংগীতত কণ্ঠদান কৰিছে ড: মাইনু দেৱীয়ে আৰু গীত ৰচনা কৰিছে অঙ্কুৰ ফুকন

Leave a Reply

Your email address will not be published. Required fields are marked *