নৱবার্তা গুৱাহাটী, ঃ আন্তঃৰাষ্ট্ৰীয় শগুণ সজাগতা দিৱস [৬ ছেপ্টেম্বৰ] উপলক্ষে আজি অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীৰ অসম বন বিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত তথা বিক্ৰমপুৰ গাঁৱৰ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সহযোগত সেউজীয়া বাসস্থান সৃষ্টিৰ জৰিয়তে শগুন সংৰক্ষণৰ লক্ষ্য আগত ৰাখি কামৰূপ মহানগৰ জিলাৰ বিক্ৰমপুৰৰ পৰা নালাপাৰা পথৰ কাষত থকা ৰাণী ৰেঞ্জৰ বাগিচাত বৃক্ষৰোপনৰ লগতে গছপুলি বিতৰণ অভিযানৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীত অসম বন বিদ্যালয়ৰ সঞ্চালক ডিম্পী বৰাৰ লগতে বিদ্যালয়ৰ বন সংৰক্ষক, ৰাণী ৰেঞ্জৰ বিষয়া তথা বিট অফিচাৰ নিৰোদ কুমাৰ ছুটসহ বিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেচনৰ অন্যান্য বিষয়ববীয়াৰ উপস্থিত থাকে৷ কাৰ্যসূচীত অংশ লয় প্ৰায় ৫০ জনীয়া স্থানীয় লোকে৷ এই গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত ভাষণ দি আই এফ এছ ডিম্পী বৰাই কয় যে বিগত বছৰবোৰত শগুনৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে৷ মূলতঃ সমগ্ৰ কামৰূপ জিলাতে বিষক্ৰিয়াৰ ঘটনা আৰু প্ৰাকৃতিক বাসস্থান হেৰুৱাৰৰ পৰিস্থিতিৰ বাবে এয়া হৈছে৷ বালিপাৰা ফাউণ্ডেচনৰ সহযোগত কৰা এইধৰণৰ পদক্ষেপে শগুনৰ বাসস্থান পুনৰুদ্ধাৰ আৰু সংৰক্ষণত ইতিবাচক ভূমিকা ল’ব৷ ইফালে, বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ফৰেষ্টাৰ ৰঞ্জিত বৰঠাকুৰে পৰিৱেশ ভাৰসাম্য বজাই ৰখাত শগুনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত ব্যক্ত কৰি কয়, ‘শগুণ প্ৰকৃতিৰ ৰক্ষক – আমাৰ গ্ৰহত ভাৰসাম্য ঘূৰাই অনা ভেঁকুৰ৷ ইয়াৰ বাসস্থান সুৰক্ষিত কৰা আৰু স্থানীয় সম্প্ৰদায়ক জড়িত কৰাটোৱে এনে এক ভৱিষ্যত নিশ্চিত কৰে য’ত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত মিলাপ্ৰীতিৰে সহাৱস্থান কৰা হয়৷’ ইফালে, বিক্ৰমপুৰ গাঁৱৰ সভাপতি ধৰ্মেন্দ্ৰ ৰাভাই এই পদক্ষেপৰ বাবে অসম বন বিভাগ আৰু বালিপাৰা ফাউণ্ডেচনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিশেষকৈ শিমলু গছৰ পুলি ৰোপণে শগুনৰ বাসস্থান তথা বংশ বৃদ্ধিত সহায় কৰিব বুলি তেওঁ কয়৷