• Sun. Nov 9th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসমৰ হস্ততাঁত পুনৰুজ্জীৱিতকৰণত কেইৰ্ণৰ পদক্ষেপ

ByNaba Barta

Aug 6, 2025
Spread the love

নৱবার্তা গুৱাহাটী : ভাৰতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দশবছৰীয়া বাৰ্ষিকী উদযাপন কৰাৰ এই সময়ছোৱাত, বৰ্তমান হস্ততাঁতৰ কাহিনী এতিয়া কেৱল ঐতিহ্যৰ ভিতৰত সীমাবদ্ধ নহয়—ই অৰ্থনৈতিক স্থিতিশীলতা, মহিলা সৱলীকৰণ আৰু স্থানীয় উদ্ভাৱনৰ এক শক্তিশালী প্ৰতীক হৈ পৰিণত হৈছে। বেদান্ত লিমিটেডৰ এক অংশ হিচাপে কেইৰ্ণ অইল এণ্ড গেছ অসমৰ হস্ততাঁত খণ্ড পুনৰুজ্জীৱিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি কৰি আহিছে । ভাৰতৰ হস্ততাঁত খণ্ডটো আত্মনিৰ্ভৰশীলতা আৰু সাংস্কৃতিক গৌৰৱৰ এক প্ৰতিৰূপ হিচাপে প্ৰতিষ্ঠিত । এই খণ্ডৰ সক্ষমতা আৰু পৰম্পৰাগত মূল্য বৰ্দ্ধন কৰিবলৈ কেইৰ্ণ অইল এণ্ড গেছে অসমত অন্তর্ভুক্তিমূলক আৰু বিভিন্ন উন্নয়নমূলক প্ৰচেষ্টাৰ জৰিয়তে হস্ততাঁতৰ পৰিৱেশতন্ত্ৰটো অধিক সুদৃঢ় কৰিবলৈ কাম কৰি আছে।

অসমত বয়ন কেৱল এটা শিল্প নহয়—ই হৈছে এক জীৱন পদ্ধতি, য’ত মহিলা শিল্পীসকলে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি তৃণমূল পৰ্যায়ত পৰিবৰ্তনৰ চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। এই পৰিৱর্তনক সমৰ্থন জনাই কেয়ৰ্নে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক তেওঁলোকৰ কৌশলক স্থায়ী জীৱিকালৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰি তুলিছে। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (ASRLM)-ৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰি আগৰণুৱা হস্ততাঁত কেন্দ্ৰসমূহৰ জৰিয়তে কেয়ৰ্নে গোলাঘাটৰ বৰচাপৰী আৰু যোৰহাটৰ আগচমুৱা আদি গাঁৱত মহিলাসকলৰ বাবে নতুন সুযোগ উন্মোচন কৰিছে । বৰচাপৰীত আৰম্ভ হোৱা সৰু পৰিসৰৰ এই পদক্ষেপ এতিয়া হস্ততাঁত পুনৰুজ্জীৱনৰ এক সম্প্ৰদায়-নেতৃত্বাধীন আন্দোলনত পৰিণত হৈছে। তিনি হাজাৰতকৈ অধিক মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে পৰম্পৰাগত গামোচা উৎপাদনত জড়িত হৈছে আৰু “স্বনিৰ্ভৰ নাৰী” আঁচনিৰ অধীনত চৰকাৰে সেইবোৰ ক্ৰয় কৰি আহিছে।

কেইৰ্নৰ পদক্ষেপক প্ৰশংসা কৰি বৰচাপৰীৰ আত্মসহায়ক গোটৰ সদস্যই উল্লেখ কৰে যে, “হেণ্ডলুম চেণ্টাৰ খোলাৰ আগতে বয়ন মাথোঁ এটি পৰম্পৰা আছিল। এতিয়া ই মোৰ জীৱিকা। ইয়াৰ দ্বাৰা পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাব পাৰি বুলি মই গৰ্ব অনুভৱ কৰোঁ। আমি কেৱল কাপোৰ নহয়, আমাৰ ভৱিষ্যত গঢ়ি তুলিছোঁ । “

আগচমুৱাত নতুনকৈ আৰম্ভ হোৱা হস্ততাঁত কেন্দ্ৰটোৱে এই পৰিৱেশ তন্ত্ৰ অধিক শক্তিশালী কৰাৰ দিশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰায় ৩০০ গৰাকী মহিলাক প্ৰশিক্ষণ, গঠনমূলক সুবিধা আৰু আয়ৰ সুযোগ প্ৰদানৰ জৰিয়তে ই উৎপাদন ক্ষমতা বৃদ্ধিত সহায় কৰিব। মাইবেলিয়া, আগচমুৱা আৰু পাছচমুৱা গাঁৱৰ মহিলাসকলে ইয়াৰ পৰা সৰ্বাধিক উপকৃত হ’ব। এই পদক্ষেপ কেইৰ্ণৰ উত্তৰ-পূব ভাৰতত আত্মনিৰ্ভৰ সম্প্ৰদায় আৰু স্থায়ী জীৱিকা গঢ়ি তোলাৰ প্ৰচেষ্টাত আন এটা উল্লেখযোগ্য মাইলৰ খুঁটি।

কেইৰ্ণৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰে যে, “আমি বিশ্বাস কৰোঁ যে সঁচা উন্নয়ন তেতিয়াহে সম্ভৱ হয় যেতিয়া পৰিৱৰ্তনৰ নেতৃত্ব স্থানীয় সম্প্ৰদায়ে দিয়ে। অসমৰ মহিলাসকলে যুগৰ পৰা যুগলৈ চলি থকা পৰম্পৰাৰক নতুন জীৱন প্ৰদান কৰি হস্ততাঁত শিল্পক গৌৰৱ, প্ৰগতি আৰু আৰ্থিক স্বাধীনতাৰ এক শক্তিশালী বাহনত ৰূপান্তৰ কৰিছে। এই আন্দোলনৰ অংশীদাৰ হব পাই আমি গৰ্বিত । “

হস্ততাত শিল্প উদ্যোগৰ ক্ষেত্ৰত কেয়ৰ্নে অন্তর্ভুক্তিমূলক উন্নয়নৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলনৰ দ্বাৰা স্থানীয় পৰিপ্ৰেক্ষিতৰ সৈতে জড়িত থকা স্থায়ী অৰ্থনৈতিক অগ্ৰগতিৰ কাম কৰি আহিছে। হস্ততাঁত কেন্দ্ৰসমূহ কেৱল কাপোৰ বনোৱাৰ ঠাই নহয়—এইবোৰ হৈছে শিকা, সহযোগিতা আৰু আগবাঢ়ি যাবলৈ মহিলাসকলৰ সুযোগৰ পৰিসৰ। অসমত হস্ততাঁত কেৱল এটা শিল্প নহয়—ই মানুহৰ আত্মা, ইতিহাস আৰু পৰিচয়ক জোৰা লগোৱা এক জীৱন্ত সূতা। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দশক উদযাপনক সাক্ষী কৰি কেয়ৰ্নে অসমৰ মহিলাসকলৰ শিল্পকলাক ভৱিষ্যতলৈ মৰ্যাদাৰে আগুৱাই যাবলৈ সাহস যোগাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *