• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

২৯ নং ৱাৰ্ডৰ মুক্তি যুঁজাৰু পথৰ আধাৰশিলা স্থাপন

ByNaba Barta

Mar 15, 2024
Spread the love

নৱবাৰ্তা গুৱাহাটী : গুৱাহাটী মহানগৰৰ ২৯ নং ৱাৰ্ডৰ মুক্তি যুঁজাৰু পথৰ (প্রথম উপ-পথ)
বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তথা ২৯ নং ৱাৰ্ডৰ পাৰিষদ মৃগেন শৰণীয়াই পাৰিষদ পুঁজিৰ দ্বাৰা পথটোৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাখনত ভাষণত কয়-গুৱাহাটী পৌৰ নিগমৰ প্ৰতিগৰাকী পাৰিষদ যাক আমি এক কৌটি কৈ টকা দিছোঁ আৰু ২৯নম্বৰ পাৰিষদ পুঁজি হিচাপে আমি প্ৰথমটো পথৰ আজি আধাৰ শিলা স্থাপন কৰিলোঁ।এইটো মুক্তি যুঁজাৰু পথৰ প্ৰথম উপপথ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ডেৰশ মিটাৰ । ১০ লাখতকৈ অধিক পুঁজিৰে এই পথটো নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে আমাৰ যৱতীয় কাম-কাজ সম্পূৰ্ণ হৈছে। অতি শীঘ্ৰে আমি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিম। এই পথটো অতিকৈ দুৰ্গম অৱস্থা আছিল। মই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰলৈ আহোতে স্থানীয় ৰাইজৰ এই পথটো সন্দৰ্ভত অভিযোগ পাইছিলোঁ । মই দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব। এই পথটো নিৰ্মাণ হ’লে স্থানীয় ৰাইজে উপকৃত হ’ব। ইয়াৰ উপৰিও ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰলৈ আহিছিলোঁ। এই নামঘৰটোলৈ মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ৩ লাখ টকা অনুদান আগবঢ়োৱা হৈছে লগতে ২৯ নং ৱাৰ্ডৰ বিৰুৱাৰী মনসা মন্দিৰলৈও মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ ৩ লাখ টকা আগবঢ়োৱা হৈছে। তেনেদৰে মুঠ ৩ টা ধৰ্মীয় অনুষ্ঠানলৈ এই অনুদান আগবঢ়োৱা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৯ নং ৱাৰ্ডৰ ৬টা কৈ পথ আমাক নিৰ্মাণৰ বাবে দায়িত্ব দিছে। গড়কাপ্তানী বিভাগৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমে বৃহস্পতিবাৰৰ দিনটোত মুঠ ১১ পথৰ আধাৰশিলা স্থাপন কৰিব। সভাত ৰূপনগৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক কুমুদ চন্দ্ৰ ডেকাই কয়-আমি আজি নথৈ আনন্দিত হৈছোঁ। আমি দীৰ্ঘদিন দিন জৰাজীৰ্ণ পথৰ সমস্যাৰ লগতে খোৱাপানীৰ সমস্যাতো ভুগি আছিলোঁ। আজি এই পথটোৰ আধাৰশিলা স্থাপন কৰি মেয়ৰ মৃগেন শৰণীয়াই আমাক উপকৃত কৰিলে। অনাগত সময়তো আমাৰ সমস্যা সমূহ তেওঁ গুৰুত্ব সহকাৰে ল’ব বুলি আশা কৰিলোঁ।সভাত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তা বন্দনা ওজা,গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা পিংকী ডেকা,শুক্ৰেশ্বৰ মণ্ডলৰ সভাপতি বিপুল দাসৰ লগতে
অন্যান্য বিষয়ববীয়া তথা ৰূপনগৰ মুক্তি যুঁজাৰু পথবাসী ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *